১)
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি
গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি
অসমত দেশৰ দৰে নেপাও
ইমান ৰসাল মাতি
অ' চিৰ বিনন্দীয়া তোমাৰ
সেউজ পৰিবেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ' ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত ক ঁৰো
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত ক ঁৰো
জন্ম ল'লো ইয়াতেই ইয়াতেই যেন ম ঁৰো
অ' জন্ম ল'লো ইয়াতেই ইয়াতেই যেন ম ঁৰো
পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্বদেশৰ সূৰ্য্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
*(ইউনিক'দ ৰূপান্তৰণ: পংকজ বৰা, ৬ নবেম্বৰ ২০১১)
-------------------------------------------------------------------------
২)
No comments:
Post a Comment