Tuesday 8 November 2011

'আ' ৰে আৰম্ভ হোৱা গীত সমূহ

১)

আহিছো বৈৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ ...
 চিৰ ভেদ্য মহা ৰহস্য সমূখত আছে ৰৈ
 দুৰণিৰ সৌউ ক’লা যবনীকা
 তাৰ সিপাৰত আছে কিনো লিখা ?
 কোনে জানে তাৰ সন্ধান ?
 আজি কোনে মোক দিব কৈ ,
 আহিছো বৈৰাগী এন্ধাৰ বাটত জীৱনৰ জোৰলৈ ..
 সিপাৰত সৌউ নিৰৱতা ভৰা গভীৰ এন্ধাৰ ঘোৰ ..
 তাৰ তলিতেই আছে হেনো সোণৰ সোলেং বোৰ
সোনৰ সোলেং , সুখৰ সপোন, চৰম প্ৰানৰ হেপাহঁ গোপন
তাকেই বিছাৰি আহিছো বৈৰাগী জ্বলাই বুকুৰ জোৰ
সিপাৰত সৌউ ভৰা নিৰৱতা .... এন্ধাৰ গভীৰ ঘোৰ ....
মহা জীৱনৰ বন্তি জ্বলিছে ... চৌদিশ উজ্বলাই ...
দুৰণিৰ পৰা এফেৰি আভাস মাথো দেখিবলৈ পাই .....
জীৱনৰ চগা উৰা মাৰি যায়....
 জীৱনৰ চগা উৰা মাৰি যায় ধৰো ধৰো কৰে বিছাৰি নাপায় ...
 যিমানেই যায় কাষচাপি তাৰ সিমানেই আতৰি যায়...
 মহা জীৱনৰ বন্তি জ্বলিছে চৌদিশ উজ্বলাই ...
দুৰণিৰৰ সেই ছাঁ পোহৰৰ সপোন মাধূৰী চাই ....
দুৰণিৰৰ সেই ছাঁ পোহৰৰ সপোন মাধূৰী চাই
মৰতৰ জীৱ হাবাথুৰী খাই বাট কুৰী বাই যায় ....
ক’ত বলীয়াই অনাই বনাই সপোন দেখাৰ বাতৰি জনাই ..
ফাগুন দিনত লিহিৰী বনত মিলন ৰাগীনি গাই,
দুৰণিৰৰ সেই ছাঁ পোহৰৰ সপোন মাধূৰী চাই
ক’ত সন্ধানী জেউতী বিছাৰি ফুৰে সংশয় ছেদি
ক’ত ৰহস্য বনাই ফুৰিছে ছাঁ জুই খেদি খেদি ..
দেখি জীৱনৰ গতিৰ সপোন
ওপৰে উৰিছে তাৰকা তপন
পাষাণ হিয়াত নিজৰি জৰিছে গিৰি কন্দৰ ভেদি
ক’ত সন্ধানী জেউতী বিছাৰি ফুৰে সংশয় ছেদি
হয়টো সপোন সম্ফল হ’ব মায়াৰ কুৱলী যাব ...
সপোনত যাক বিছাৰি ফুৰিছে দিঠকত দেখা পাব .... .
সপোন দেখাতে সিজিল কৰ্ম ...
সপোন দেখাতে সিজিব কৰ্ম
এয়ে সপোনৰ গুপুত মৰ্ম ..
বীণ বৈৰাগীৰ জীৱনৰ শেষত বীণৰ প্ৰান্তি পাব ...
হয়টো সপোন সম্ফল হ’ব
মায়াৰ কুৱলী যাব ..
হয়টো সপোন সম্ফল হ’ব
মায়াৰ কুৱলী যাব ...

*(ইউনিক'দ ৰূপান্তৰণ:  বনজীৎ পাঠক, ৬ নবেম্বৰ ২০১১)


২)
আকাশী গংগা বিচৰা নাই
নাই বিচৰা স্বর্ণ অলংকাৰ
নিষ্ঠুৰ জীৱনৰ সংগ্রামত
বিচাৰোঁ মৰমৰ মাত এষাৰ

মহা মহা সাগৰৰে কতনা লহৰ লেখিলোঁ
মহা মহা নগৰীতে কতনা বাট হেৰুৱালোঁ
মৰম জ্যোতিৰ পম খেদি খেদি
বোৱালোঁ গুপুতে অশ্রুধাৰ

হয়তো নিতৌ হেজাৰজনৰ হেজাৰ শৰাই পাম
তথাপি কিয় বিশেষজনৰ মৰম বিচাৰি যাওঁ
মহা মহা নাটঘৰে ঘৰে কণ্ঠ-শোণিত নিগৰালোঁ
মহা মহা শ্রোতা-জনতাৰে মুখত হাঁহি বিৰিঙালোঁ
ক্ষণিত মৌন পৰত কোনেনো
পাতলাব মোৰ দুখৰে ভাৰ

*(ইউনিক'দ ৰূপান্তৰণ: মিতালী বৰ্মন , ৬ নবেম্বৰ ২০১১)
-----------------------------------------------------------------------

৩)

আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ...
হস্থীৰ নৰং হস্থীৰ চৰণ .. হস্থীৰ গলাই দড়ি
অহৰে সত্য কৰিয়া ক’ন বাই ও দেশে বাড়ী ৰে ...
আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
হস্থীৰ নৰং হস্থীৰ চৰণ .. হস্থীৰ গলাই দড়ি
অহৰে . সত্য কৰিয়া ক‍ইলাম .. গৌউউউৰি পুৰে বাড়ী ৰে ...
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ...
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
খাটো খুটো মাহুতৰে তুই
গালে চাপা দাড়ি ...
অহৰে সত্য কৰিয়া ক’নৰে মাহুত ঘৰে
এইএইইইই ক‍ই জন নাৰীৰে ....
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
হস্থীৰ নৰং হস্থীৰ চৰণ চম্পা নদীৰ পাৰে
অহৰে . সত্য কৰিয়া ক‍ইলাম তোমাক বিয়াইইইই
আও নাই হয় মোৰে ৰে
গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..
গেইলেলেলেলে ... কি আসিবেনননননন ...
অ অ অ অ অ মোৰৰ মাহুত বন্ধু ৰে ,, ,,,
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .
তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .

(এই গোৱালপৰীয়া গীতটো ভূপেন হাজৰিকাই প্ৰতিমা পান্ডেৰ সৈতে একে ল’গে গাইছে |
ভুপেন হাজৰিকাৰ এই গীতটো হেমন্ত মুখাৰ্জীৰ সৈতেও একে লগে কণ্ঠ দান কৰিছে )
*(ইউনিক'দ ৰূপান্তৰণ: বনজীৎ পাঠক  , ৬ নবেম্বৰ ২০১১)



'অ' ৰে আৰম্ভ হোৱা গান


১)
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি
গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি
অসমত দেশৰ দৰে নেপাও
ইমান ৰসাল মাতি

অ' চিৰ বিনন্দীয়া তোমাৰ
সেউজ পৰিবেশ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে
মাঘত সোণৰ হাতেৰে লখিমী আদৰে
শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ
অ' ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ

পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে
তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত ক ঁৰো
লৌহিত্যৰে বহল পাৰক প্ৰণিপাত ক ঁৰো
জন্ম ল'লো ইয়াতেই ইয়াতেই যেন ম ঁৰো
অ' জন্ম ল'লো ইয়াতেই ইয়াতেই যেন ম ঁৰো

পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ
ভাৰতৰে পূৰ্বদেশৰ সূৰ্য্য উঠা দেশ

অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ
*(ইউনিক'দ ৰূপান্তৰণ: পংকজ বৰা, ৬ নবেম্বৰ ২০১১)


-------------------------------------------------------------------------



২)